SENSEX
NIFTY
GOLD
USD/INR

Weather

25    C
... ...View News by News Source

নিৰ্মলাৰ বাজেটক কৰুণ আৰু হতাশাজনক আখ্যা বিৰোধীৰ, অখিলেশৰ মতে এই বাজেট কেৱল ধনীৰ বাবে

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে নৱমবাৰৰ বাবে সংসদত কেন্দ্ৰীয় বাজেট দাখিল কৰে। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ এই বাজেট ঘোষণা হোৱাৰ পিছতে দেশৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে এই বাজেটক তীব্ৰ সমালোচনা কৰি ইয়াক জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীত বুলি অভিহিত কৰিছে। বাজেটৰ পিছতে চৰকাৰ আৰু বিৰোধীৰ মাজত এক বাকযুদ্ধ […] The post নিৰ্মলাৰ বাজেটক কৰুণ আৰু হতাশাজনক আখ্যা বিৰোধীৰ, অখিলেশৰ মতে এই বাজেট কেৱল ধনীৰ বাবে appeared first on NORTHEAST NOW (Assamese) .

নেনো 1 Feb 2026 3:00 pm

কেন্দ্ৰীয় বাজেট ২০২৬-২৭: কোনবোৰ সামগ্ৰী সস্তীয়া হ’ল আৰু কোনবোৰ ব্যয়বহুল?

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰে। এই বাজেটত আমদানি শুল্ক আৰু আন্তঃগাঁথনি মাচুলৰ ব্যাপক সালসলনি কৰা হৈছে, যাৰ পোনপটীয়া প্ৰভাৱ সাধাৰণ গ্ৰাহকৰ জেপত পৰিব। বিত্তমন্ত্ৰীগৰাকীৰ ঘোষণা অনুসৰি, কেইবাটাও জীৱনদায়িনী ঔষধ আৰু অত্যাৱশ্যকীয় ইলেক্ট্ৰনিক সামগ্ৰীৰ দাম হ্ৰাস পোৱাৰ বিপৰীতে ধঁপাত আৰু বিদেশী বিলাসজাত সামগ্ৰীৰ মূল্য বৃদ্ধি পাব। বাজেটত স্বাস্থ্য […] The post কেন্দ্ৰীয় বাজেট ২০২৬-২৭: কোনবোৰ সামগ্ৰী সস্তীয়া হ’ল আৰু কোনবোৰ ব্যয়বহুল? appeared first on NORTHEAST NOW (Assamese) .

নেনো 1 Feb 2026 2:59 pm

১ এপ্ৰিলৰ পৰা দেশত বলবৎ হ’ব নতুন আয়কৰ আইন

অহা ১ এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব আয়কৰ আইন, ২০২৫। এই গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ বিষয়ে দেওবাৰে লোকসভাত বাজেট ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। তেওঁ জনোৱা অনুসৰি, এই নতুন আইনখনৰ বাবে প্ৰয়োজনীয় নিয়ম আৰু আয়কৰ ৰিটাৰ্ণৰ বাবে ব্যৱহৃত প্ৰ-পত্ৰসমূহ অতি শীঘ্ৰেই চৰকাৰে জনসাধাৰণক অৱগত কৰিব। উল্লেখযোগ্য যে প্ৰায় ছয় দশক পুৰণি […] The post ১ এপ্ৰিলৰ পৰা দেশত বলবৎ হ’ব নতুন আয়কৰ আইন appeared first on NORTHEAST NOW (Assamese) .

নেনো 1 Feb 2026 2:07 pm

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন The post অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন appeared first on NORTHEAST NOW (Assamese) .

নেনো 1 Feb 2026 1:51 pm

কিমান টকালৈ আয়কৰ নালাগে; বৃদ্ধি কৰা হৈছে আই টি ৰিটাৰ্ণৰ সময়; বাজেটত প্ৰবাসী ভাৰতীয়লৈ সুযোগ

আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে পূৰ্বৰ ৩১ ডিচেম্বৰৰ ভিতৰত আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। সেই ক্ষেত্ৰত সামান্য জৰিমনা আদায় দিব লাগিব। আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমাও পৰ্যায়ক্ৰমে সলনি কৰা হৈছে। আইটিআৰ-১ আৰু আইটিআৰ-২ প্ৰ-পত্ৰৰ অধীনত আয়কৰ ৰিটাৰ্ণ দাখিল কৰাসকলে ৩১ জুলাইৰ ভিতৰত সেই কাম […] The post কিমান টকালৈ আয়কৰ নালাগে; বৃদ্ধি কৰা হৈছে আই টি ৰিটাৰ্ণৰ সময়; বাজেটত প্ৰবাসী ভাৰতীয়লৈ সুযোগ appeared first on NORTHEAST NOW (Assamese) .

নেনো 1 Feb 2026 1:32 pm

Union Budget 2026-27: জি ৰাম জীৰ বিতৰ্কৰ প্ৰভাৱ! গান্ধীৰ নামত নিৰ্মলা সীতাৰমণৰ বাজেটত নতুন প্ৰকল্প

১০০ দিনীয়া কৰ্ম প্ৰকল্পৰ পৰা মহাত্মা গান্ধীৰ নাম আঁতৰাই তীব্ৰ বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। হয়তো সেই বিতৰ্কৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এইবাৰ গান্ধীৰ নামত নতুন প্ৰকল্প আৰম্ভ কৰিব লগা হ’ল। কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে এইবাৰ কেন্দ্ৰীয় চৰকাৰে বস্ত্ৰ উদ্যোগৰ উন্নয়নৰ বাবে মহাত্মা গান্ধী গ্ৰাম স্বৰাজ যোজনা আৰম্ভ কৰিব। কেন্দ্ৰই এমএনৰেগাৰ সলনি বিকাশ […] The post Union Budget 2026-27: জি ৰাম জীৰ বিতৰ্কৰ প্ৰভাৱ! গান্ধীৰ নামত নিৰ্মলা সীতাৰমণৰ বাজেটত নতুন প্ৰকল্প appeared first on NORTHEAST NOW (Assamese) .

নেনো 1 Feb 2026 12:27 pm

এপষ্টেইন ফাইলত মোডীৰ নাম কিয়? ৰাজনৈতিক মহলত চাঞ্চল্য! আহিছে উত্তৰ, চলিছে বিতৰ্ক

আমেৰিকাত কুখ্যাত যৌন অপৰাধী জেফ্ৰি এপষ্টেইনৰ সৈতে জড়িত নথি-পত্ৰ প্ৰকাশ পোৱাৰ পিছত এতিয়া ই ভাৰতীয় ৰাজনীতিতো ঢৌৰ সৃষ্টি কৰিছে। শুকুৰবাৰে আমেৰিকাৰ ন্যায় বিভাগে ‘এপষ্টেইন ফাইলছ ট্ৰেন্সপাৰেন্সি এক্ট’ৰ অধীনত আৰু কেইবাটাও নথি প্ৰকাশ কৰে। সেই বিশাল নথি-পত্ৰৰ আৰ্কাইভৰ পৰা ২০১৭ চনৰ এটা ইমেইল পোহৰলৈ আহিছে, য’ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম উল্লেখ কৰা বুলি দাবী কৰা […] The post এপষ্টেইন ফাইলত মোডীৰ নাম কিয়? ৰাজনৈতিক মহলত চাঞ্চল্য! আহিছে উত্তৰ, চলিছে বিতৰ্ক appeared first on NORTHEAST NOW (Assamese) .

নেনো 1 Feb 2026 10:36 am

‘সিংঘম’ৰ পৰিচালকৰ ঘৰলৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা; কিয় লক্ষ্য হৈ পৰিল ৰোহিত শ্বেট্টী?

বন্দুকৰ গুলীৰ শব্দই জোকাৰি গ’ল মায়া নগৰী মুম্বাই। দুষ্কৃতিকাৰীৰ লক্ষ্য বলীউদৰ প্ৰসিদ্ধ পৰিচালক ৰোহিত শ্বেট্টী। শনিবাৰে (৩১ জানুৱাৰী) নিশাৰ ভাগত তেওঁৰ জুহুৰ ঘৰৰ সন্মুখত চাৰি-পাঁচ ৰাউণ্ড গুলীচালনা কৰা হয়। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। এই ঘটনাৰ লগত কোন বা কি জড়িত? কিয় টাৰ্গেট কৰা হ’ল পৰিচালকগৰাকীৰ ঘৰ, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই […] The post ‘সিংঘম’ৰ পৰিচালকৰ ঘৰলৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা; কিয় লক্ষ্য হৈ পৰিল ৰোহিত শ্বেট্টী? appeared first on NORTHEAST NOW (Assamese) .

নেনো 1 Feb 2026 9:48 am

ঈশানৰ বিধ্বংসী শতকেৰে নিউজিলেণ্ডৰ বিৰুদ্ধে অন্তিম মেচতো জয়ী ভাৰত; বিশ্বকাপৰ পূৰ্বে চিন্তা বলিং!

সন্মুখত টি-২০ বিশ্বকাপ। ঘৰুৱা মাটিত পুনৰ বিশ্ব খিতাপ দখল চাবলৈ অপেক্ষা কৰিছে দেশবাসীয়ে। নিউজিলেণ্ডৰ বিৰুদ্ধে ৫খন মেচৰ টি-২০ ছিৰিজ আছিল তাৰেই প্ৰস্তুতিৰ পৰ্যায়। তিৰুৱনন্তপুৰমত পঞ্চম টি-২০ত ভাৰতৰ ২৭১ ৰানৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডৰ ইনিংছ ২২৫ ৰানত স্তব্ধ হৈ পৰে। ব্যৱধানটো যিমান ডাঙৰ যেন লাগিছে মেচৰ সময়ত চিন্তাও সিমানেই ডাঙৰ আছিল। ফিন এলেনৰ লগতে আনসকলে দ্ৰুত গতিত ভাৰতৰ […] The post ঈশানৰ বিধ্বংসী শতকেৰে নিউজিলেণ্ডৰ বিৰুদ্ধে অন্তিম মেচতো জয়ী ভাৰত; বিশ্বকাপৰ পূৰ্বে চিন্তা বলিং! appeared first on NORTHEAST NOW (Assamese) .

নেনো 1 Feb 2026 8:57 am

ল’ৰাবোৰ সাৱধান! নতুন আইনত প্ৰেম কৰি এৰি দিলে হ’ব পাৰে কঠোৰ শাস্তি! কি নিয়ম আনিছে কেন্দ্রই?

প্ৰেমৰ সন্দৰ্ভত আইনী ব্যৱস্থা। বিগত কিছুদিন ধৰি ল’ৰাবোৰে বিবাহৰ অজুহাতত শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উঠিছে। বহুদিন একেলগে থকাৰ পিছত গোটেই জীৱনৰ বাবে হাত ধৰিবলৈ অস্বীকাৰ কৰে, যাৰ বাবে ছোৱালীবোৰে প্ৰতাৰিত অনুভৱ কৰে। এনে ল’ৰাক নিয়ন্ত্ৰণ কৰিবলৈ আইন প্ৰণয়ন কৰা হৈছে। এনে ক্ষেত্ৰত ল’ৰাজনৰ ১০ বছৰৰ কাৰাদণ্ড খাব পাৰে। যদি কোনো ব্যক্তিয়ে বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে […] The post ল’ৰাবোৰ সাৱধান! নতুন আইনত প্ৰেম কৰি এৰি দিলে হ’ব পাৰে কঠোৰ শাস্তি! কি নিয়ম আনিছে কেন্দ্রই? appeared first on NORTHEAST NOW (Assamese) .

নেনো 1 Feb 2026 7:57 am

ৰিলছ বনোৱাই কাল হ’ল নেকি? কোকৰাঝাৰত সন্ধানহীন মহিলা; সৰবৰাহকাৰী চক্ৰৰ হাতত পৰাৰ আশংকা

কোকৰাঝাৰ জিলাৰ ভুটিয়াপাৰাত এগৰাকী মহিলা সন্দেহজনক পৰিস্থিতিত সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দেশ হোৱা মহিলাগৰাকী ভুটিয়াপাৰাৰ নিবাসী প্ৰদীপ নাথৰ পত্নী প্ৰীতি নাথ (৩৫) বুলি চিনাক্ত কৰা হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে ব্লেকমেইল, আৰ্থিক শোষণ আৰু সম্ভাব্য মানৱ সৰবৰাহকাৰী চক্ৰৰ বলি হোৱাৰ আশংকাত বৰ্তমান পৰিয়ালটো ম্ৰিয়মাণ হৈ পৰিছে। পৰিয়ালৰ সদস্যসকলে জনোৱা মতে, প্ৰীতি নাথ […] The post ৰিলছ বনোৱাই কাল হ’ল নেকি? কোকৰাঝাৰত সন্ধানহীন মহিলা; সৰবৰাহকাৰী চক্ৰৰ হাতত পৰাৰ আশংকা appeared first on NORTHEAST NOW (Assamese) .

নেনো 31 Jan 2026 9:20 pm

‘ৰাজনৈতিক মেৰুকৰণত স্বচ্ছতা হেৰুৱাইছে ভাৰতে, সংবাদ মাধ্যমৰ স্বাধীনতাত গুৰুত্ব দিয়া উচিত’: নোবেলজয়ী অভিজিৎ বেনাৰ্জী

বিদেশী বিনিয়োগ আকৰ্ষণ কৰাৰ ক্ষেত্ৰত ভাৰতে ‘উল্লেখযোগ্যভাৱে ভাল’ কাম কৰিছে বুলি অভিমত প্ৰকাশ কৰিছে নোবেলজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে। অৱশ্যে, আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ ক্ৰমাগত অৱনমন সম্পৰ্কে তেওঁ চৰকাৰক সতৰ্ক কৰি দিয়ে। অৰ্থনীতিবিদগৰাকীৰ মতে, দেশৰ ক্ৰমবৰ্ধমান ৰাজনৈতিক মেৰুকৰণৰ বাবে ভাৰতে লাহে লাহে ইয়াৰ প্ৰশাসনিক স্বচ্ছতা হেৰুৱাই পেলাইছে। শনিবাৰে সংবাদ সংস্থা পিটিআইক (PTI) দিয়া এটা সাক্ষাৎকাৰত […] The post ‘ৰাজনৈতিক মেৰুকৰণত স্বচ্ছতা হেৰুৱাইছে ভাৰতে, সংবাদ মাধ্যমৰ স্বাধীনতাত গুৰুত্ব দিয়া উচিত’: নোবেলজয়ী অভিজিৎ বেনাৰ্জী appeared first on NORTHEAST NOW (Assamese) .

নেনো 31 Jan 2026 8:27 pm

কিয় সম্পদৰ অধিকাৰৰ আন্দোলন পৰিবেশ সুৰক্ষাৰ লগত জড়িত হৈ পৰিছে?

​বিজেপি চৰকাৰৰ দিনত আটাইতকৈ বেছি ক্ষতি হৈছে পৰিবেশৰ। গতিকে পৰিবেশৰ হৈ মাত মতা বা পৰিবেশবাদী যিবোৰ সংগঠন আছে তেওঁলোকক এক কৰিব পাৰিনে সেইটো ভাবি দুবছৰমান আগতে মই এটা উদ্যোগ লৈছিলোঁ। তেনেতে চানডুবিলৈ যোৱা ৰাস্তাটো চৰকাৰে বহলাব বিচাৰোঁতে স্থানীয় ৰাইজে তাৰ বিৰোধিতা কৰাৰ খবৰ ওলাল। এদিন ময়ো তালৈ গ’লোঁ। তাতেই পক্ষীৰাজ ৰাভাৰ লগত চিনাকি। গতিকে মই […] The post কিয় সম্পদৰ অধিকাৰৰ আন্দোলন পৰিবেশ সুৰক্ষাৰ লগত জড়িত হৈ পৰিছে? appeared first on NORTHEAST NOW (Assamese) .

নেনো 31 Jan 2026 7:52 pm

গাজাত ইজৰাইলী আক্ৰমণত ২৩ জন পেলেষ্টাইনী নিহত: যুদ্ধবিৰতিৰ পাছত ভয়ংকৰ পৰিস্থিতি

বিগত বৰ্ষৰ অক্টোবৰ মাহত ঘোষণা কৰা যুদ্ধবিৰতিৰ জৰিয়তে গাজাত শান্তি ঘূৰি অহাৰ আশা কৰা হৈছিল যদিও শনিবাৰে সংঘটিত এক ভয়াৱহ বিমান আক্ৰমণে পৰিস্থিতি পুনৰ উত্তপ্ত কৰি তুলিছে। গাজাৰ চিকিৎসালয় কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, শনিবাৰে ইজৰাইলী বাহিনীৰ আক্ৰমণত কমেও ২৩ জন পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে। ১০ অক্টোবৰৰ যুদ্ধবিৰতিৰ পাছত এয়া অন্যতম শোকাবহ আৰু বৃহৎ আক্ৰমণৰ ঘটনা […] The post গাজাত ইজৰাইলী আক্ৰমণত ২৩ জন পেলেষ্টাইনী নিহত: যুদ্ধবিৰতিৰ পাছত ভয়ংকৰ পৰিস্থিতি appeared first on NORTHEAST NOW (Assamese) .

নেনো 31 Jan 2026 7:39 pm

“বাঘ হাজৰিকাই যুঁজা নাছিল শৰাইঘাটৰ যুদ্ধ!”মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, সলনি হ’ব ৰাজ্যৰ বুৰঞ্জীৰ পাঠ্যপুথি

অসমৰ উচ্চ মাধ্যমিক পৰ্যায়ৰ ইতিহাস পাঠ্যক্ৰম সংশোধন কৰা হ’ব বুলি শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুছলমান সম্প্ৰদায়ক লৈ কৰা তেওঁৰ শেহতীয়া মন্তব্যক কেন্দ্ৰ কৰি চলি থকা ৰাজনৈতিক বিতৰ্কৰ মাজতে এই সিদ্ধান্তই বিশেষ চৰ্চা লাভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে তেওঁ ইতিমধ্যে শিক্ষা বিভাগক পাঠ্যপুথি সংশোধনৰ প্ৰক্ৰিয়া […] The post “বাঘ হাজৰিকাই যুঁজা নাছিল শৰাইঘাটৰ যুদ্ধ!” মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, সলনি হ’ব ৰাজ্যৰ বুৰঞ্জীৰ পাঠ্যপুথি appeared first on NORTHEAST NOW (Assamese) .

নেনো 31 Jan 2026 4:39 pm

শ্রীভূমিত ভয়ংকৰ পথ দুৰ্ঘটনা: ডাম্পাৰৰ খুন্দাত দুজন যাত্ৰীৰ মৃত্যু আৰু ১৭ জন আহত

শনিবাৰে পুৱা অসমৰ শ্রীভূমি জিলাৰ শ্রী গৌৰী অঞ্চলত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। পুৱা প্ৰায় ৬ বজাত এখন তীব্ৰবেগী ডাম্পাৰে এখন যাত্ৰীবাহী ট্ৰেভেলাৰ বাছক প্ৰচণ্ড জোৰে খুন্দা মাৰে। ইয়াৰ ফলত বাছখন নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষৰ দ খাৱৈত সোমাই পৰে। এই ঘটনাত থিতাতে দুজন যাত্ৰীৰ মৃত্যু হয়। মৃত ব্যক্তি দুজনৰ নাম নিৰোদ দাস আৰু তপন […] The post শ্রীভূমিত ভয়ংকৰ পথ দুৰ্ঘটনা: ডাম্পাৰৰ খুন্দাত দুজন যাত্ৰীৰ মৃত্যু আৰু ১৭ জন আহত appeared first on NORTHEAST NOW (Assamese) .

নেনো 31 Jan 2026 3:48 pm

মহাত্মা গান্ধীক লৈ পুনৰ বিতৰ্কিত মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মিঞা বিতৰ্কক কেন্দ্ৰ কৰি বৰ্তমান ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। এই বিষয়ত শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কৈছে যে যদি মহাত্মা গান্ধী আজি জীৱিত থাকিলহেঁতেন, তেন্তে তেওঁ অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে অসমীয়া মানুহৰ যুঁজখনক নিশ্চয় সমৰ্থন কৰিলেহেঁতেন। মুখ্যমন্ত্ৰীৰ মতে নিজৰ ৰাজ্যৰ অধিকাৰ আৰু পৰিচয় সুৰক্ষিত কৰাটো ঘৃণা বিয়পোৱা কাম নহয়। […] The post মহাত্মা গান্ধীক লৈ পুনৰ বিতৰ্কিত মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ appeared first on NORTHEAST NOW (Assamese) .

নেনো 31 Jan 2026 3:39 pm

নাজিৰাৰ ঐতিহাসিক কাৰেংঘৰৰ লগতে ভিন্ন স্থানত মে-ডাম-মে-ফি উদযাপন

নাজিৰাৰ ঐতিহাসিক কাৰেংঘৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি টাই আহোম সকলৰ পবিত্ৰ পৰম্পৰাগত উৎসৱ ‘মে-ডাম-মে-ফি’ উলহ-মালহেৰে উদযাপন কৰা হয়। আহোম ধৰ্মীয় পৰম্পৰা অনুসৰি আয়োজিত এই উৎসৱত টাই আহোম সম্প্ৰদায়ৰ লোকসকলে নিজৰ উপৰিপুৰুষ তথা পূৰ্বপুৰুষসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা জনায়। জনবিশ্বাস অনুসৰি, স্বৰ্গদেউ চাওলুং চুকাফাই অসমলৈ লৈ অহা এই মহান পৰম্পৰাৰ জৰিয়তে […] The post নাজিৰাৰ ঐতিহাসিক কাৰেংঘৰৰ লগতে ভিন্ন স্থানত মে-ডাম-মে-ফি উদযাপন appeared first on NORTHEAST NOW (Assamese) .

নেনো 31 Jan 2026 3:18 pm

বেংগালুৰুত অসমৰ চাৰি যুৱকৰ ৰহস্যজনক মৃত্যু: বন্ধ কোঠাত উদ্ধাৰ মৃতদেহ

কৰ্মৰ সন্ধানত সুদূৰ বেংগালুৰুলৈ যোৱা অসমৰ চাৰিজনকৈ যুৱকৰ এক বন্ধ কোঠাত ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বেংগালুৰুৰ চুলিবেলে আৰক্ষী থানাৰ অন্তৰ্গত মুটছান্দ্ৰা গাঁৱৰ এটা ভাৰাঘৰৰ পৰা আৰক্ষীয়ে যুৱককেইজনৰ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, নিহত আটাইকেইজন যুৱকৰ ঘৰ লখিমপুৰ জিলাত। তেওঁলোকক ক্ৰমে জয়ন্ত চিন্তে (২৫), নৰেন্দ্ৰনাথ টাইড (২৪), ডক্টৰ টাইড (২৫) […] The post বেংগালুৰুত অসমৰ চাৰি যুৱকৰ ৰহস্যজনক মৃত্যু: বন্ধ কোঠাত উদ্ধাৰ মৃতদেহ appeared first on NORTHEAST NOW (Assamese) .

নেনো 31 Jan 2026 3:01 pm

AI-ৰ পৰামৰ্শ লৈ HIV সংক্ৰমণৰ বাবে খাইছিল ঔষধ; তাৰ পিছতে ঘটিল বিপদ, মৃত্যুৰ সৈতে যুঁজ দিছে যুৱকে

এইচ আই ভি সংক্ৰমণ ৰোধৰ বাবে তেওঁ চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ দিনৰ পিছত দিন ড্ৰাগছ সেৱন কৰি আছিল। ইয়াৰ পিছত পাৰ্শ্বক্ৰিয়া আৰম্ভ হ’ল। বৰ্তমান দিল্লীৰ এজন ৪৫ বছৰীয়া যুৱকে চিকিৎসালয়ত প্ৰাণ ৰক্ষাৰ বাবে যুঁজি আছে। তেওঁ দাবী কৰে যে তেওঁক এআই চেটিং প্লেটফৰ্মৰ পৰা এই ঔষধ ল’বলৈ পৰামৰ্শ দিয়া হৈছিল, যিটো তেওঁ কোনো প্ৰেছক্ৰিপচন নোহোৱাকৈ ওচৰৰ […] The post AI-ৰ পৰামৰ্শ লৈ HIV সংক্ৰমণৰ বাবে খাইছিল ঔষধ; তাৰ পিছতে ঘটিল বিপদ, মৃত্যুৰ সৈতে যুঁজ দিছে যুৱকে appeared first on NORTHEAST NOW (Assamese) .

নেনো 31 Jan 2026 1:44 pm

তদন্তত সহযোগিতা কৰিবলৈ সন্মত আদানি; আদালতৰ নিৰ্দেশত গ্ৰহণ কৰিব আমেৰিকাৰ পৰা প্ৰেৰণ কৰা চমন

অৱশেষত আমেৰিকাৰ পৰা প্ৰেৰণ কৰা চমন গ্ৰহণ কৰিবলৈ সন্মত হৈছে উদ্যোগপতি গৌতম আদানি আৰু তেওঁৰ ভতিজাক সাগৰ আদানিয়ে। এই চমন প্ৰেৰণ কৰিছে আমেৰিকাৰ ছিকিউৰিটি এণ্ড এক্সচেঞ্জ কমিছন (SEC) য়ে। তাত আদানি গোষ্ঠীৰ বিৰুদ্ধে বিপুল উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছে। কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে যোৱা বছৰ আহমেদাবাদ আদালতক আদানি গ্ৰুপক চমন তুলি দিয়াৰ নিৰ্দেশ দিছিল। সংবাদ সংস্থাই […] The post তদন্তত সহযোগিতা কৰিবলৈ সন্মত আদানি; আদালতৰ নিৰ্দেশত গ্ৰহণ কৰিব আমেৰিকাৰ পৰা প্ৰেৰণ কৰা চমন appeared first on NORTHEAST NOW (Assamese) .

নেনো 31 Jan 2026 12:42 pm

ৰে’লৱেত গ্ৰুপ ‘ডি’ৰ ২১,৯৯৭টা খালী পদৰ বাবে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া, চাওক সৱিশেষ

ৰে’লৱেত গ্ৰুপ ‘ডি’ পদৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰে’লৱে নিযুক্তি ব’ৰ্ডে ২১,৯৯৭টা খালী পদত নিযুক্তিৰ বাবে এক অধিসূচনা জাৰি কৰিছে। আজিৰে পৰা আৰম্ভ হৈছে আৱেদন প্ৰক্ৰিয়া। অহা ২ মাৰ্চলৈকে অনলাইনযোগে কৰিব পাৰিব আবেদন। দাখিল কৰা আবেদনৰ মাচুল পৰিশোধৰ অন্তিম তাৰিখ ৪ মাৰ্চ। আবেদন প্ৰপত্ৰত শুধৰণিৰ উইণ্ডো ৫ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ খোলা থাকিব। […] The post ৰে’লৱেত গ্ৰুপ ‘ডি’ৰ ২১,৯৯৭টা খালী পদৰ বাবে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া, চাওক সৱিশেষ appeared first on NORTHEAST NOW (Assamese) .

নেনো 31 Jan 2026 11:39 am

STD-ত আক্ৰান্ত হয় বিল গেটছ, পত্নীক গোপনে ঔষধ খুওৱাৰ চেষ্টা? এপষ্টেইন ফাইলত চাঞ্চল্যকৰ দাবী

কোটিপতি বিল গেটছৰ বিষয়ে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ দাবী। মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক গেটছ নিজেই যৌন সংক্ৰমিত ৰোগত (STD) আক্ৰান্ত হোৱাৰ লগতে প্ৰাক্তন পত্নীকো গোপনে ঔষধ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উঠিছে। শেহতীয়াকৈ মুক্তি পোৱা জেফ্ৰি এপষ্টেইন ফাইলছত গেটছৰ বিষয়ে এই গুৰুতৰ দাবী কৰা হৈছে। গেটছৰ বিষয়ে এই চাঞ্চল্যকৰ দাবী এপষ্টেইনৰ নিজৰ এটা ইমেইলত পোৱা গৈছে। […] The post STD-ত আক্ৰান্ত হয় বিল গেটছ, পত্নীক গোপনে ঔষধ খুওৱাৰ চেষ্টা? এপষ্টেইন ফাইলত চাঞ্চল্যকৰ দাবী appeared first on NORTHEAST NOW (Assamese) .

নেনো 31 Jan 2026 10:21 am

অষ্টম দৰমহা আয়োগঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দেশজোৰা ধৰ্মঘটৰ আহ্বান, কেতিয়া?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু শ্ৰমিক সংঘই (কনফেডাৰেশ্যন অফ চেন্ট্ৰেল গৱৰ্ণমেন্ট এমপ্লয়িজ এণ্ড ওৱৰ্কাৰ্ছ) ১২ ফেব্ৰুৱাৰীত এদিনীয়া দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে। কেবিনেট সচিবলৈ লিখা এখন পত্ৰত চিচিজিইডব্লিউৱে স্পষ্ট কৰি দিছে যে যদিহে ইয়াৰ মূল দাবী, যেনে অষ্টম দৰমহা আয়োগ গঠনৰ চৰ্তাৱলী উন্নত কৰা আৰু পুৰণি পেঞ্চন আঁচনি (অ’পিএছ) পুনৰ বাহাল কৰা আদি দাবীসমূহ পূৰণ নহয় তেন্তে […] The post অষ্টম দৰমহা আয়োগঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দেশজোৰা ধৰ্মঘটৰ আহ্বান, কেতিয়া? appeared first on NORTHEAST NOW (Assamese) .

নেনো 31 Jan 2026 9:27 am

অজিত পাৱাৰৰ চকীত বহিব পত্নী সুনেত্ৰা; মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিব!

বিমান দুৰ্ঘটনাত মৃত্যু হোৱা অজিত পাৱাৰৰ চকীখনত বহিব পত্নী সুনেত্ৰা পাৱাৰ। শনিবাৰেই তেওঁ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ ওলাইছে। সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে। কেৱল সেয়াই নহয়, নেশ্যনেল কংগ্ৰেছ পাৰ্টি (এন চি পি) দুভাগ হোৱাৰ পিছত এন চি পিৰ সভাপতি আছিল অজিত পাৱাৰ। তেওঁৰ ঠাইত সভাপতিৰ দায়িত্ব ল’বলৈ আগবাঢ়িছে প্ৰফুল্ল […] The post অজিত পাৱাৰৰ চকীত বহিব পত্নী সুনেত্ৰা; মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিব! appeared first on NORTHEAST NOW (Assamese) .

নেনো 31 Jan 2026 8:21 am

স্কুলত ছাত্ৰীক বিনামূলীয়াকৈ দিব লাগিব চেনিটেৰী নেপকিন : ঐতিহাসিক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ স্কুলত এতিয়াৰে পৰা ছাত্ৰীসকলৰ বাবে বিনামূলীয়াকৈ চেনিটেৰী নেপকিনৰ ব্যৱস্থা কৰিব লাগিব। শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি উচ্চতম ন্যায়ালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক এই নিৰ্দেশ দিছে। এই ৰায়দানৰ জৰিয়তে বিদ্যালয়সমূহত কিশোৰী ছাত্ৰীসকলৰ ঋতুস্ৰাৱকালীন স্বাস্থ্য সুৰক্ষিত কৰাৰ দিশত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে […] The post স্কুলত ছাত্ৰীক বিনামূলীয়াকৈ দিব লাগিব চেনিটেৰী নেপকিন : ঐতিহাসিক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ appeared first on NORTHEAST NOW (Assamese) .

নেনো 31 Jan 2026 7:35 am

ভোট চোৰৰ বিৰুদ্ধে জোঁৰ লৈ চছলত সন্মিলিত বিৰোধীৰ উত্তাল প্ৰতিবাদ

ভোট চুৰিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰৱল জনমত গঢ়ি তুলিবৰ বাবে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে চছলৰ প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনায়। ৰাজ্যজুৰি বিজেপি চৰকাৰে ভোটাৰ তালিকা সংশোধনীৰ নামত ভোট চুৰি কৰা দুষ্কাৰ্যৰ বিৰুদ্ধে সন্মিলিত বিৰোধীয়ে আজি জোঁৰ লৈ সাব্যস্ত কৰা প্ৰতিবাদৰ মাজতে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ সন্মুখত গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত চোৰ […] The post ভোট চোৰৰ বিৰুদ্ধে জোঁৰ লৈ চছলত সন্মিলিত বিৰোধীৰ উত্তাল প্ৰতিবাদ appeared first on NORTHEAST NOW (Assamese) .

নেনো 30 Jan 2026 9:20 pm

উত্তৰ-পূব ভাৰতৰ শক্তি নীতি : ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত দিছপুৰত বিশাল গণ সন্মিলন

শুকুৰবাৰে দিছপুৰত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ গণ সন্মিলনত উত্তৰ-পূবৰ ১৫টাতকৈও অধিক জনজাতীয় আৰু থলুৱা সংগঠনে একত্ৰিত হৈ এক ঐতিহাসিক ঘোষণা পত্ৰত স্বাক্ষৰ কৰে। ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত আয়োজিত এই সন্মিলনত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ছিকিমৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে। এই সন্মিলনৰ মূল লক্ষ্য আছিল চৰকাৰৰ শক্তি নীতিৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ ওপৰত পৰিব পৰা বিৰূপ […] The post উত্তৰ-পূব ভাৰতৰ শক্তি নীতি : ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত দিছপুৰত বিশাল গণ সন্মিলন appeared first on NORTHEAST NOW (Assamese) .

নেনো 30 Jan 2026 8:40 pm

তথ্য জনাৰ অধিকাৰ আইনত হাতুৰী! আইনখন পুনৰ বিবেচনা কৰাৰ প্ৰস্তাৱ অৰ্থনৈতিক জৰীপৰ

শেহতীয়াকৈ সংসদত দাখিল কৰা ২০২৫-২৬ বৰ্ষৰ অৰ্থনৈতিক জৰীপত তথ্য জনাৰ অধিকাৰ (RTI) আইনখনৰ প্ৰাসংগিকতা আৰু ইয়াৰ ব্যৱহাৰিক দিশসমূহ পুনৰীক্ষণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। জৰীপৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এই আইনখন চৰকাৰী কাম-কাজত স্বচ্ছতা আৰু জবাবদিহিতা সুনিশ্চিত কৰিবলৈ প্ৰণয়ন কৰা হৈছিল যদিও ইয়াৰ মূল উদ্দেশ্য বৰ্তমান কিছু বিচলিত হোৱা যেন পৰিলক্ষিত হৈছে। বিশেষকৈ, এই আইনখন […] The post তথ্য জনাৰ অধিকাৰ আইনত হাতুৰী! আইনখন পুনৰ বিবেচনা কৰাৰ প্ৰস্তাৱ অৰ্থনৈতিক জৰীপৰ appeared first on NORTHEAST NOW (Assamese) .

নেনো 30 Jan 2026 5:45 pm

ইলন মাস্কৰ এক্সৰ বিৰুদ্ধে তদন্ত ইউৰোপীয় কমিছনৰ : গ্রোকৰ দ্বাৰা লাখ লাখ মহিলাৰ বিকৃত ছবি প্ৰস্তুতৰ অভিযোগ

ইলন মাস্কৰ মালিকানাধীন ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ বিৰুদ্ধে ইউৰোপীয় কমিছনে এক গুৰুতৰ তদন্ত আৰম্ভ কৰিছে। অভিযোগ উঠিছে যে এই প্লেটফৰ্মত থকা কৃত্ৰিম বুদ্ধিমত্তা বা এআই টুল গ্রোক ব্যৱহাৰ কৰি প্ৰকৃত মানুহৰ যৌন বিকৃত আৰু অশ্লীল ছবি নিৰ্মাণ কৰা হৈছে। ইউৰোপীয় কমিছনৰ সন্দেহ যে এনে ধৰণৰ সমলে ইউৰোপীয় ইউনিয়নৰ ডিজিটেল আইন উলংঘা কৰিছে। এই পদক্ষেপে এনে […] The post ইলন মাস্কৰ এক্সৰ বিৰুদ্ধে তদন্ত ইউৰোপীয় কমিছনৰ : গ্রোকৰ দ্বাৰা লাখ লাখ মহিলাৰ বিকৃত ছবি প্ৰস্তুতৰ অভিযোগ appeared first on NORTHEAST NOW (Assamese) .

নেনো 30 Jan 2026 4:55 pm

শিশুক ক্ষতি কৰিছে সামাজিক মাধ্যমে! ফেচবুক-ইনষ্টা ব্যৱহাৰৰ ক্ষেত্ৰত নিৰ্ধাৰণ হ’ব বয়সৰ সীমা

দেশত ছচিয়েল মিডিয়াৰ ক্ৰমবৰ্ধমান প্ৰভাৱ আৰু ইয়াৰ নেতিবাচক দিশসমূহক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰ চৰকাৰ। শেহতীয়াকৈ ভাৰতৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰণে বাৰ্ষিক অৰ্থনৈতিক সমীক্ষাত এক গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে। তেওঁ কয় যে শিশু আৰু কিশোৰসকলৰ মাজত ছচিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ এটা নিৰ্দিষ্ট বয়সৰ সীমা থকাটো প্ৰয়োজনীয়। বিশেষকৈ কম বয়সীয়া ব্যৱহাৰকাৰীসকলে ইন্টাৰনেটত থকা হানিকাৰক […] The post শিশুক ক্ষতি কৰিছে সামাজিক মাধ্যমে! ফেচবুক-ইনষ্টা ব্যৱহাৰৰ ক্ষেত্ৰত নিৰ্ধাৰণ হ’ব বয়সৰ সীমা appeared first on NORTHEAST NOW (Assamese) .

নেনো 30 Jan 2026 2:43 pm

জুবিন গাৰ্গ গোচৰত অমৃতপ্ৰভা মহন্ত আৰু দুই দেহৰক্ষীৰ জামিন আবেদন নাকচ আদালতৰ

জুবিন গাৰ্গ হত্যাৰ গোচৰত শুকুৰবাৰে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে তিনি অভিযুক্ত অমৃতাপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদন নাকচ কৰে। ইয়াৰ পূৰ্বে ২২ জানুৱাৰীত অনুষ্ঠিত হোৱা বিশদ শুনানিৰ পিছত আদালতৰ এই সিদ্ধান্ত লোৱা হৈছে, য’ত জামিনৰ আবেদন আদেশৰ বাবে সংৰক্ষিত আছিল। গৰিমা শইকীয়া গাৰ্গৰ সৈতে বিশেষ তদন্তকাৰী […] The post জুবিন গাৰ্গ গোচৰত অমৃতপ্ৰভা মহন্ত আৰু দুই দেহৰক্ষীৰ জামিন আবেদন নাকচ আদালতৰ appeared first on NORTHEAST NOW (Assamese) .

নেনো 30 Jan 2026 1:45 pm

মিঞা মানেই বাংলাদেশী! হিমন্ত বিশ্বৰ প্ৰশংসাত পঞ্চমুখ গোপী বহু দেৱলীনা

অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই মিঞা শব্দৰ বিতৰ্কক লৈ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ সমৰ্থন জনাইছে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ এটা পোষ্ট শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে অসমৰ খিলঞ্জীয়া লোকসকলক মিঞা শব্দটোৰ অৰ্থ বুজাই থকাৰ কোনো প্ৰয়োজন নাই। তেওঁৰ মতে এই শব্দটো পোনপটীয়াভাৱে বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীৰ সৈতে জড়িত। দেৱলীনাই কয় যে যিসকলে […] The post মিঞা মানেই বাংলাদেশী! হিমন্ত বিশ্বৰ প্ৰশংসাত পঞ্চমুখ গোপী বহু দেৱলীনা appeared first on NORTHEAST NOW (Assamese) .

নেনো 30 Jan 2026 1:25 pm

১১ দিনৰ পিছতে খুড়াকৰ সৈতে ‘একত্ৰীকৰণ’ৰ ঘোষণা, যৌথ বৈঠকৰ পূৰ্বে অজিতৰ মৃত্যু; বিস্ফোৰক প্ৰতিবেদনত ‘ৰহস্য’

বিবাদ পাহৰি এন চি পিৰ দুয়োটা শিবিৰ একত্ৰিত হোৱাটো মাথোঁ সময়ৰ অপেক্ষা আছিল। এন চি পিৰ দুয়োটা শিবিৰে সকলো চূড়ান্ত কৰি পেলাইছিল। সকলো ঠিকে থাকিলে মহাৰাষ্ট্ৰৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি অজিত পাৱাৰে ৮ ফেব্ৰুৱাৰীত খুড়াক শাৰদ পাৱাৰৰ সৈতে ‘পুনৰ মিলন’ ঘোষণা কৰাৰ কথা আছিল। কিন্তু ১১ দিন পূৰ্বে বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ হঠাৎ মৃত্যুৱে সকলো […] The post ১১ দিনৰ পিছতে খুড়াকৰ সৈতে ‘একত্ৰীকৰণ’ৰ ঘোষণা, যৌথ বৈঠকৰ পূৰ্বে অজিতৰ মৃত্যু; বিস্ফোৰক প্ৰতিবেদনত ‘ৰহস্য’ appeared first on NORTHEAST NOW (Assamese) .

নেনো 30 Jan 2026 12:59 pm

‘শিক্ষাৰ আৰু প্ৰয়োজন নাই’, পৰিয়ালৰ বোজা ব’বলৈ বিদ্যালয় এৰিছে দেশৰ ৪৪ শতাংশ শিশু-কিশোৰে

মোডী যুগত দেশত ওলোটা পুৰাণ। কাৰণ দেশৰ ১৪ৰ পৰা ১৮ বছৰ বয়সৰ শিশু তথা কিশোৰ-কিশোৰীৰ এটা অংশই অনুভৱ কৰে যে ‘শিক্ষাৰ আৰু প্ৰয়োজন নাই’। ইয়াতেই শেষ নহয়। সমগ্ৰ দেশৰ ৪৪ শতাংশ শিশু আৰু কিশোৰে পৰিয়াল পোহপাল দিবলৈ বিদ্যালয় এৰিছে। কাৰণ এটাই – মূল্যবৃদ্ধিৰ জোৰা মাৰিবলৈ অতিৰিক্ত উপাৰ্জনৰ প্ৰয়োজন। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে সংসদত ২০২৫-২৬ […] The post ‘শিক্ষাৰ আৰু প্ৰয়োজন নাই’, পৰিয়ালৰ বোজা ব’বলৈ বিদ্যালয় এৰিছে দেশৰ ৪৪ শতাংশ শিশু-কিশোৰে appeared first on NORTHEAST NOW (Assamese) .

নেনো 30 Jan 2026 11:46 am

লিফ্ট দিয়াৰ ছলেৰে এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ; উত্তৰাখণ্ডত ২ জনক গ্ৰেপ্তাৰ

চলন্ত গাড়ীত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উঠিছে। উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। যুৱতীগৰাকীক লিফ্ট দিয়াৰ ছলেৰে তুলি নি দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, অভিযোগৰ ভিত্তিত ২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি যুৱতীগৰাকী উধম সিং নগৰৰ ৰুদ্ৰপুৰৰ চিডকুল ঔদ্যোগিক এলেকাৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত। অভিযোগ উত্থাপন হৈছে […] The post লিফ্ট দিয়াৰ ছলেৰে এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ; উত্তৰাখণ্ডত ২ জনক গ্ৰেপ্তাৰ appeared first on NORTHEAST NOW (Assamese) .

নেনো 30 Jan 2026 10:47 am

কাষ চাপি আহিছে ভাৰত-চীন, চিন্তিত আমেৰিকা; অনুষ্ঠিত হ’ব ৰাজহুৱা শুনানি

অহা মাহত আমেৰিকা আৰু চীনৰ সৈতে ভাৰতৰ কৌশলগত সম্পৰ্ক সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হ’ব। ১৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই শুনানি ২০২৬ চনৰ ৰিপোৰ্টিং চক্ৰৰ প্ৰথমটো ৰাজহুৱা শুনানি হ’ব। ইয়াৰ লক্ষ্য হৈছে আমেৰিকা-চীনৰ প্ৰতিদ্বন্দ্বিতাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ স্থিতি মূল্যায়ন কৰা। আমেৰিকা-চীন অৰ্থনৈতিক আৰু নিৰাপত্তা পৰ্যালোচনা আয়োগে (ইউ এছ চি চি) অহা মাহত আমেৰিকা আৰু চীনৰ সৈতে […] The post কাষ চাপি আহিছে ভাৰত-চীন, চিন্তিত আমেৰিকা; অনুষ্ঠিত হ’ব ৰাজহুৱা শুনানি appeared first on NORTHEAST NOW (Assamese) .

নেনো 30 Jan 2026 9:55 am

নিৰ্বাচনৰ পূৰ্বে ১৬ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ অধিৱেশন; দাখিল কৰা হ’ব লেখানুদান

চলিত অসম বিধানসভাৰ অন্তিমখন অধিৱেশন ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। এই অধিৱেশনতে ৰাজ্য চৰকাৰে আগন্তুক নিৰ্বাচনৰ পূৰ্বে লেখানুদান (ভোট অন একাউণ্ট) বাজেট দাখিল কৰিব। বৃহস্পতিবাৰে (২৯ জানুৱাৰী) আনুষ্ঠানিক অধিসূচনাত এই কথা উল্লেখ কৰা হৈছে। অসমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই ১৬ ফেব্ৰুৱাৰীৰ পুৱা ৯:৩০ বজাত সদন আহ্বান কৰিবলৈ নিৰ্দেশ দিছে। বিধানসভাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, অধিৱেশন […] The post নিৰ্বাচনৰ পূৰ্বে ১৬ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ অধিৱেশন; দাখিল কৰা হ’ব লেখানুদান appeared first on NORTHEAST NOW (Assamese) .

নেনো 30 Jan 2026 9:20 am

কিয় পুৱা সাৰ পোৱাৰ লগে লগে ভাগৰুৱা অনুভৱ হয়? প্ৰতিকাৰৰ উপায় কি?

পুৱা সাৰ পোৱাৰ পিছতো ভাগৰুৱা অনুভৱ হোৱাটো এটা বিৰক্তিকৰ সমস্যা, যাক চিকিৎসা বিজ্ঞানৰ ভাষাত “Sleep Inertia” বুলি কোৱা হয়। বহুতেই এই সমস্যাৰ সন্মুখীন হয়। ইয়াৰ আঁৰত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণ থাকিব পাৰে: ১. টোপনিৰ মান কেৱল কিমান ঘণ্টা শুইছে সেয়াই নহয়, টোপনি কিমান দ’ হৈছে সেয়াও গুৰুত্বপূৰ্ণ। যদি আপোনাৰ টোপনি বাৰে বাৰে ভাগি থাকে, তেন্তে আপুনি […] The post কিয় পুৱা সাৰ পোৱাৰ লগে লগে ভাগৰুৱা অনুভৱ হয়? প্ৰতিকাৰৰ উপায় কি? appeared first on NORTHEAST NOW (Assamese) .

নেনো 30 Jan 2026 6:40 am